হৃদয়ৰ স্তৱক
(পুলক জ্যোতি শৰ্মা)
কামিহাড়কেইদালৰ মাজতে সৰু এটা সঁজা
তাতেই বান্ধে সকলোৱে পঁজা
হাঁহি-কান্দোন মান-অভিমান প্ৰেম-বিৰহ
ঠেহপেচ ভালপোৱা বেয়াপোৱা
আৰু কাম ক্ৰোধ লোভ মোহ সনাপিটিকাকৈ
শেষহোৱা দিনবোৰৰো থুনুপাক তাতেই
সপোনৰ মেলাও তাতেই
-----
বহলাও বুলিলেই
মহাকাশৰ পৰিধি যায় ভেদি
স্বাৰ্থপৰতাৰে চেপিলে খুন্দিলে
হয় মাথো শুকান বালিচাহী এটি
তুমিবা কিদৰে দিব খোজা
হৃদয়ৰ চিনাকি
-----
ভালপাবলৈ লাগেনো আৰু কি
মাথো এখন হৃদয়
বুকুতে থাকিও যি পাৰ হৈ যায়
দূৰ দিগবলয়
-----
আচৰিত সম্পদ
এই মৰম এই ভালপোৱা
যিমানে বিলাবা
সিমানে ভৰিব হৃদয়ৰ জোলোঙা
-----
মেলো বুলিলেই মেলি ল’ব পাৰি
পাত লুটিয়াব পাৰি
ৰং-ৰস সুখ-দুখবোৰ নিজৰ কৰি ল’ব পাৰি
গভীৰতাত বুৰ যাব পাৰি
হৃদয়তকৈ বিচিত্ৰ এখনো কিতাপ
আজিলৈ পোৱা নাই বিচাৰি
-----
সকলো কথা সূত্ৰত গঁঠা নাথাকে
সকলোৰে সংজ্ঞা নাথাকে
হৃদয়ৰ কথাকেই ধৰাচোন
হৃদয়খন জানো সূত্ৰই আৱৰি ৰাখে
হৃদয়ৰ সেয়ে সংজ্ঞাও নাথাকে
********